class 10 science Assamese medium chapter 1 question answers

Class 10 science Assamese medium chapter 1 question answers  pdf download. Here, I have provided you more than 60 question and answers of class 10 science Chapter-1  : (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ) in Assamese medium. You can download question answers in pdf format also. 



Chapter 1

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

1. ৰাসায়নিক বিক্রিয়া কি?

উত্তৰঃ যেতিয়া পদার্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্রিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয়।

2. ৰাসায়নিক সমীকৰণ কাক বোলে?  
উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্রিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে।


3. অসন্তুলিত বা জঁকা সমীকৰণ কি? 

উত্তৰঃ যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰামাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জঁকা বা অসন্তুলিত সমীকৰণ বোলে।
 
4. সন্তুলিত সমীকৰণ কি?

উত্তৰঃ যেতিয়া কোনো ৰাসায়ানিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে।


5. বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদার্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা। 

উত্তৰঃ মেগনেছিয়াম অক্সাইড (MgO) 

2Mg + O₂ → 2MgO

6. সংযোজন বিক্রিয়া কাক বোলে? 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে, তাক সংযোজন বিক্রিয়া বোলে।

7. এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ C + O₂ → CO₂

8. কেলছিয়াম অক্সাইডে তীব্রভাবে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ (কেলছিয়াম হাইড্রক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা। 

উত্তৰঃ CaO + H₂O → Ca(OH₂) + তাপ

বিক্ৰিয়াৰ প্ৰকাৰ: সংযোজন।

9. বিযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ  যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্র বিক্রিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে।

15. অপসৰণ বিক্রিয়া কাক বোলে? 

উত্তৰঃ  যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসাৰণ বিক্রিয়া বোলে।

16. এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

 উত্তৰঃ Fe + CuSO₄ → FeSO₄  + Cu 

17. দ্বিঅপসৰণ বিক্রিয়া কাক বোলে? 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে।

18. এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ Na₂SO₄+ → BaCl₂ → BaSO₄ + 2NaCl

19. জাৰণ বিক্রিয়া কি? 

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বিক্রিয়া বোলে।

21. বিজাৰণ বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই হাইড্ৰ’জেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্রিয়া বোলে।

23. জাৰণ – বিজাৰণ বা ৰেডক্স বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থ একে সময়তে বিজাৰিত হয়, তাক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া বোলে। 

25. ক্ষয়ীভৱন কাক বোলে?

উত্তৰঃ  যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্রক্রিয়াক ক্ষয়ীভৱন বোলে।


26. ৰেণচিডিটি বা দুর্গন্ধিতা কি? 

উত্তৰঃ  যেতিয়া তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু জাৰিত হয়, তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে ৰেণচিডিটি বোলে। 


27. এটা পৰীক্ষানলত লেড নাইট্রেট দ্ৰৱ লৈ তাত পটাছিয়াম আয়’ডাইডৰ দ্ৰৱ যোগ কৰা। তুমি কি দেখিবা? 

উত্তৰঃ পৰীক্ষানলত হালধীয়া বৰণৰ অধঃক্ষেপ সৃষ্টি হোৱা দেখা যাব।


28. এটা পৰীক্ষানলত লেড নাইট্রেট দ্ৰৱ লৈ তাত পটাছিয়াম আয়’ডাইডৰ দ্ৰৱ যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ Pb(NO₃)₂ + 2 KI →PbI₂ + 2KNO₃ 


29. এটা পৰীক্ষানলত যিংকৰ কেইটামান দানা লৈ তাত লঘু ছালফিউৰিক এছিড যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ Zn + H₂SO₄ → ZnSO₄ + H₂

30. এটা পৰীক্ষানলত যিংকৰ কেইটামান দানা লৈ তাত লঘু ছালফিউৰিক এছিড যোগ কৰিলে পৰীক্ষানলত বুৰবুৰণিৰ সৃষ্টি হোৱা দেখা যাব। এই বুৰবুৰণি কি গেছৰ?

উত্তৰঃ হাইড্ৰজেন। 


31. এটা শুষ্ক উতলন নলীত ফেৰাছ ছালফেটৰ স্ফটিক কিছুমান লৈ তপতালে ফেৰাছ ছালফেটৰ স্ফটিকৰ বৰণ কেনেদৰে সলনি হ’ব?

উত্তৰঃ সেউজীয়া বৰণৰ ফেৰাছ ছালফেট স্ফটিকবোৰৰ বৰণ বগালৈ পৰিণত হ’ব।


32. ফেৰাছ ছালফেটৰ স্ফটিক কিছুমান উত্তলন নলীত উতলালে ফেৰাছ ছালফেটৰ বিযোজনৰ ফলত উৎপন্ন হোৱা পদাৰ্থবোৰ কি?

 উত্তৰঃ ফেৰিক অক্সাউড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড।

34. লেড নাইট্রেট পাউদাৰ এটা উত্তলন নলীত লৈ গৰম কৰিলে এবিধ মুগা বৰণৰ গেছ নিৰ্গত হোৱা দেখা যায়। গেছবিধ চিনাক্ত কৰা।

উত্তৰঃ নাইট্ৰজেন ডাই অক্সাইড।


35. লেড নাইট্ৰেটৰ বিযোজন ঘটিলে কি কি পদার্থ উৎপন্ন হয়?

উত্তৰঃ লেড অক্সাইড, নাইট্ৰ’জেন ডাই অক্সাইড আৰু অক্সিজেন। 


36. লেড নাইট্রেট পাউদাৰ তপতালে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা ৷

উত্তৰঃ 2Pb(NO₃)₂ → 2PbO + 4NO₂ + O₂


37. কপাৰ ছালফেটৰ দ্ৰৱত আইৰণৰ গজাল ডুবালে কপাৰ ছালফেটৰ নীলা বৰণ কিয় সলনি হয়?

উত্তৰঃ ফেৰাছ ছালফেটৰ উৎপাদনৰ বাবে। 

 
38. কপাৰ ছালফেটৰ দ্রৱত আইৰণৰ গজাল ডুবালে গজালৰ বৰণ কিয় মুগা হৈ পৰে?

উত্তৰঃ বিক্ৰিয়াত উৎপন্ন হোৱা কপাৰ আইৰণৰ গজালৰ পৃষ্ঠত অৱক্ষিপ্ত হোৱা বাবে। 


39. কপাৰ ছালফেটৰ দ্রৱত লোৰ গজাল ডুবালে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ Fe + CuSO₄ → FeSO₄+ Cu 

40. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লৈ ইয়াক সূৰ্যৰ পোহৰত ৰাখা। ছিলভাৰ ক্ল’ৰাইডৰ ৰং কি হ’ব? 

উত্তৰঃ মটীয়া। 


41. সূৰ্যৰ পোহৰত ৰাখিলে ছিলভাৰ ক্ল’ৰাইডত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ 


42. সূৰ্যৰ পোহৰত এখন চীনামাটিৰ থালত হালধীয়া বৰণৰ অলপমান ছিলভাৰ ব্ৰ ‘মাইড ৰাখিলে কি ঘটিব?

উত্তৰঃ সূৰ্যৰ পোহৰৰ দ্বাৰা ছিলভাৰ ব্ৰ’মাইডৰ বিযোজন ঘটি ছিলভাৰ আৰু ব্ৰ’মিন উৎপন্ন হ’ব।

 

43. সূৰ্যৰ পোহৰত ছিলভাৰ ব্ৰ ‘মাইডত সংঘটিত বিক্ৰিয়াৰ সমীকৰণ লিখা।

উত্তৰঃ  

 

44. পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াত পানীৰ লগত কেইটোপালমান লঘু ছালফিউৰিক এছিড কিয় যোগ কৰা হয়?

উত্তৰঃ কাৰণ বিশুদ্ধ পানী বিদ্যুতৰ কুপৰিবাহী। সেয়েহে পানীত এছিড যোগ কৰিলে এছিডৰ আয়নবোৰে পানীৰ মাজেৰে বিদ্যুৎ পৰিবহন হোৱাত সহায় কৰে।

 

45. এটা পৰীক্ষানলত 3mL মান ছ’ডিয়াম ছালফেটৰ দ্ৰৱ লৈ তাত 3mLমান বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ যোগ কৰা। তুমি কি দেখিবা?

উত্তৰঃ  এটা বগা অধঃক্ষেপ সৃষ্টি হোৱা দেখা যাব। 


46. ছ’ডিয়াম ছালফেট দ্ৰৱত বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। 

উত্তৰঃ Na₂SO₄ + BaCl₂ → BaSO₄ + 2NaCl

 

47. চীনামাটিৰ থাল এখনত 1g কপাৰ পাউদাৰ লৈ গৰম কৰা। কপাৰ পাউদাৰৰ বৰণ কেনেকুৱা হ’ব?

উত্তৰঃ ক’লা ।

48. চীনা মাটিৰ থাল এখনত কপাৰ পাউদাৰ লৈ তাক গৰম কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। 

উত্তৰঃ 



49. ধাতুৰ ক্ষয়ীভৱনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ লোৰ সামগ্ৰীত মামৰে ধৰা।

50. চূর্ণশিল উত্তপ্ত কৰিলে কি হয়?

উত্তৰঃ চূণশিলৰ বিযোজন ঘটি পোৰা চূণ আৰু কার্বন ডাই অক্সাইড উৎপন্ন হয়।
 

53. প্রাকৃতিক গেছ দহন কৰিলে কি ঘটে?

উত্তৰঃ  কার্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়।

54. প্রাকৃতিক গেছ বায়ুত দহন কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা।

উত্তৰঃ CH₄ + 20₂ → CO₂ + 2H₂O + তাপ আৰু পোহৰ।

55. বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়? 

উত্তৰঃ  সাধাৰণ উষ্ণতাত মেগনেছিয়ামে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। অক্সাইডৰ এই প্ৰতিৰোধী আৱৰণীখনে মেগনেছিয়ামক পুনৰাই বায়ুত জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। সেয়েহে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে।

 

56. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেট জলীয় দ্ৰবই বিক্ৰিয়া কৰি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত কৰে।

(ii) ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এচিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ (i) BaCl₂ (aq) + Na₂SO₄ (aq) → BaSO₄ (s) + 2NaCl (aq) 

(ii) NaOH(aq) + HCl(aq) NaCl (aq)+ H₂O(l). 

 

57. এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ ‘X’ অৰ নাম লিখা আৰু সংকেত লিখা।

উত্তৰঃ কেলছিয়াম অক্সাইড, CaO

 

58. তলৰ বিক্রিয়াকেইটাত জাৰিত আৰু বিজাতি হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। 

(i) 4Na (s) + O₂(g) → 2Na₂ O(s) 

(ii) CuO(s) + H₂ (g) → Cu(s) + H₂O(l)

উত্তৰঃ (i) জাৰিত পদার্থ: Na

               বিজাৰিত পদার্থ: O₂

             (ii) জাৰিত পদার্থ: H₂

               বিজাৰিত পদার্থ: CuO 



60. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।

উত্তৰঃ  Cu + 2AgNO₃ → Cu (NO₃)₂ + 2Ag

 

61. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? 

উত্তৰঃ লোই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্প লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে ক্ষয়প্রাপ্ত হয়। সেয়েহে লোক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়।

 

62. তেল আৰু চৰি থকা খাদ্য বস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? 

উত্তৰঃ কাৰণ নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদার্থ, যিয়ে তেল আৰু চৰ্বী থকা খাদ্যবস্তুক জাৰিত হোৱাৰ পৰা ৰক্ষা কৰি সিহঁতক ৰেণচিডিটিৰ পৰা ৰক্ষা কৰে।

 

প্ৰশ্নাৱলী পৃষ্ঠা-6


1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

উত্তৰঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল ‘ ব লাগে কিয়নো মেগনেছিয়াম ধাতুয়ে বায়ুমণ্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড (MgO) ৰ এটা তৰপ গঠন কৰে। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।

2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্রজেন + ক্ল’ৰিন→ হাইড্রজেন ক্ল’ৰাইড ।

(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।

উত্তৰঃ

(i) 𝐻2+𝐶𝑙2  ​→2HCl

(ii) 3𝐵𝑎𝐶𝑙2+𝐴𝑙2(𝑆𝑂4)3 ​→3BaSO4​+2AlCl3​

(iii) 2𝑁𝑎+2𝐻2𝑂→2NaOH+H2​

 

3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।

(ii) ছডিয়াম হাইড্রক্স ইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্ল’ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ

(i) 𝐵𝑎𝐶𝑙2(aq)+𝑁𝑎2𝑆𝑂4(aq)→ BaSO4(s)+2NaCl(aq)

(ii) 𝑁𝑎𝑂𝐻(aq)+𝐻𝐶𝑙(aq)→ NaCl(aq)+H2​O(l)

 

প্ৰশ্নাৱলী পৃষ্ঠা- 10


1. এটা পদাথ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing) ব্যৱহাৰ কৰা হয়।

(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখ ।

(ii) পানীৰে সৈতে পদার্থ ‘X” এ কৰা বিক্রিয়াটো লিখ ।

উত্তৰঃ

(i) পদাৰ্থ ‘X’ ৰ নাম হল পোৰা চূণ বা কেলছিয়াম অক্সাইড আৰু সংকেত CaO l

(ii) 𝐶𝑎𝑂+𝐻2𝑂→Ca(OH)2​


প্ৰশ্নাৱলী পৃষ্ঠা- 13

1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰে। ফলত ক’পাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু ক’পাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।

                    বিক্ৰিয়াটো হল –  𝐹𝑒+𝐶𝑢𝑆𝑂4→ FeSO4​+Cu

 

2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া ।

উত্তৰঃ ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰে’ট দ্ৰৱ উৎপন্ন হয়।

বিক্ৰিয়াটো হল –

𝐴𝑔𝑁𝑂3+𝑁𝑎𝐶𝑙→ AgCl+NaNO3​

 

3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা ।

(i) 4𝑁𝑎(𝑠) + 𝑂2(𝑔)→ 2Na2​O(s)

(ii)  𝐶𝑢𝑂(𝑠) + 𝐻2(𝑔)→ Cu(s) + H2​O(l)

উত্তৰঃ (i) এই বিক্ৰিয়াটোত Na জাৰিত হৈ 𝑁𝑎2𝑂 উৎপন্ন হৈছে আৰু অক্সিজেন (O2) বিজাৰিত হৈছে।

(ii) H2​ জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।


অনুশীলনী


1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2𝑃𝑏𝑂(𝑠)+𝐶(𝑠)→ 2Pb(s)+CO2​(g)

(a) লেড বিজাৰিত হৈছে ।

(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।

(c) কার্বন জাৰিত হৈছে ।

(d) লেড অক্সাইড বিজাৰিত হৈছে ।

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii) (a), (b) আৰু (c)

(iv) সকলো

উত্তৰঃ ( a ) আৰু (b ) l (a)কাৰণ অক্সিজেন আঁতৰোৱা হৈছে আৰু (b) কাৰণ কাৰ্বনৰ লগত অক্সিজেনৰ যোগ হৈছে ।

 

2. 𝐹𝑒2𝑂3+2𝐴𝑙→ Al2​O3​+2Fe

ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্রিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

(c) এটা বিযোজন বিক্রিয়াৰ

(d) এটা অপসৰণ বিক্রিয়াৰ

উত্তৰঃ (d) এটা অপসৰণ বিক্রিয়াৰ ।

3. কি ঘটে যেতিয়া লঘু হাইড্রক্ল ‘ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।

(a) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ৰাইড উৎপন্ন হয় ।

(b)ক্ল’ৰি গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।

(c)বিক্রিয়া নঘটে ।

(d)আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।

উত্তৰঃ (a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ ৰাইড উৎপন্ন হয় ।

বিক্ৰিয়াটো হল –
2𝐻𝐶𝑙+𝐹𝑒→ FeCl2​+H2​

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে ?
উত্তৰঃ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে কাৰণ ভৰৰ নিত্যতাবিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান কৰিব লাগে।

 

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সত্তলন কৰা ।

(a) হাইড্রজেন গেছে নাইট্রজেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে ।

উত্তৰঃ   (a) ৰাসায়নিক সমীকৰণ:  𝐻2+𝑁2→ NH3​

                  সন্তুলিত ৰাসায়নিক সমীকৰণ:  3𝐻2+𝑁2→2NH3​

(b) হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

উত্তৰঃ   (a) ৰাসায়নিক সমীকৰণ:  H2​S + O2​→H2​O + SO2​​

                  সন্তুলিত ৰাসায়নিক সমীকৰণ:  2H2​S + 3O2​→2H2​O + 2SO2​​

(c) বেৰিয়াম ক্ল ’ৰাইডে এলুমিনিয়াম ছলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে ।

উত্তৰঃ   (a) ৰাসায়নিক সমীকৰণ:  BaCl2​+Al2​(SO4​)3​→AlCl3​+BaSO4

                  সন্তুলিত ৰাসায়নিক সমীকৰণ:  3BaCl2 ​+ Al2​(SO4​)3​→2AlCl3 ​+ 3BaSO4

 

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

উত্তৰঃ   (a) ৰাসায়নিক সমীকৰণ:  K + H2​O→KOH + H2​

                  সন্তুলিত ৰাসায়নিক সমীকৰণ:  2K + 2H2​O→2KOH + H2​

 

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।

(a) 𝐻𝑁𝑂3 + 𝐶𝑎(𝑂𝐻)2→ Ca(NO3​)2​ + H2​O

উত্তৰঃ  2𝐻𝑁𝑂3 + 𝐶𝑎(𝑂𝐻)2→ Ca(NO3​)2 ​+ 2H2​O

(b) 𝑁𝑎𝑂𝐻 + 𝐻2𝑆𝑂4→ Na2​SO4​ + H2​O

উত্তৰঃ  2𝑁𝑎𝑂𝐻 + 𝐻2𝑆𝑂4→ Na2​SO4​ + 2H2​O

(c) 𝑁𝑎𝐶𝑙 + 𝐴𝑔𝑁𝑂3→ AgCl + NaNO3​

উত্তৰঃ  𝑁𝑎𝐶𝑙 + 𝐴𝑔𝑁𝑂3→ AgCl + NaNO3​

(d) 𝐵𝑎𝐶𝑙2 + 𝐻2𝑆𝑂4→ BaSO4​ + HCl

উত্তৰঃ  (d) 𝐵𝑎𝐶𝑙2 + 𝐻2𝑆𝑂4→ BaSO4​ + 2HCl

 

7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।

(a) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড→ কেলছিয়াম কার্বনেট + পানী ।

উত্তৰঃ   2𝐶𝑎(𝑂𝐻)2+2𝐶𝑂2→2CaCO3​+2H2​O

 

(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ ।

উত্তৰঃ   𝑍𝑛+2𝐴𝑔𝑁𝑂3→ Zn(NO3​)2​+2Ag

 

(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ।

উত্তৰঃ   2𝐴𝑙+3𝐶𝑢𝐶𝑙2→2AlCl3​+3Cu

 

(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড ।

উত্তৰঃ   𝐵𝑎𝐶𝑙2+𝐾2𝑆𝑂4→ BaSO4​+2KCl

 

৪. তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত ।

(a) পটেছিয়াম ব্র’মাইড (aq)+বেৰিয়াম আয়’ডাইড (aq)→পটেছিয়াম আয়’ডাইড (aq)+বেৰিয়াম ব্ৰ’মাইড (s)

উত্তৰঃ    2𝐾𝐵𝑟+𝐵𝑎𝐼2→2KI+BaBr2​

              ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।

 

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g )

উত্তৰঃ    𝑍𝑛𝐶𝑂3→ ZnO+CO2​

              ই এটা বিয়োজন বিক্ৰিয়া।

 

(c) হাইড্র’জেন (g) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল’ৰাইড(g)

উত্তৰঃ     𝐻2+𝐶𝑙→2HCl

               ই এটা সংযোজন বিক্ৰিয়া।

 

(d) মেগনেছিয়াম (s)+হাইড্র’ক্ল’ৰিক এছিড(aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন(g)

উত্তৰঃ      𝑀𝑔+2𝐻𝐶𝑙→ MgCl2​+H2​

                ই এটা অপসৰণ বিক্ৰিয়া।

 

9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে ।

                                        উদাহৰণ :    𝐶𝐻4(𝑔) + 2𝑂2(𝑔)→ CO2​(g) + 2H2​O(g)

          যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় তেনে ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

          উদাহৰণ :  2𝐴𝑔𝐵𝑟(𝑠)→ 2Ag(s)+Br2​(g)

 

10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা ।

উত্তৰঃ জীৱনৰ জীয়াই থকাৰ বাবে, আমাক শক্তিৰ প্ৰয়োজন। আমি খোৱা খাদ্যৰ পৰা এই শক্তি লাভ কৰোঁ। খাদ্যৰ অণুবোৰ হজম প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকোজৰ দৰে এক সৰল অণুলৈ বিভক্ত হয়। এই পদাৰ্থবোৰ আমাৰ শৰীৰৰ কোষবোৰত থকা অক্সিজেনৰ সংস্পৰ্শলৈ আহে আৰু এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ সৈতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। যিহেতু এই শক্তি তাপৰ ৰূপত উৎপন্ন হয়, যিয়ে আমাৰ শৰীৰত উষ্ণতা বজাই ৰাখে l সেয়ে শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ।

                                        বিক্রিয়াটো হল – 𝐶6𝐻12𝑂6 + 6𝑂2→6CO2​+ 6H2​O + শক্তি

11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ বেছি পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেই বাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

                              সংযোজন বিক্ৰিয়া-  𝐶(𝑠) +𝑂2(𝑔)→𝐶𝑂2(𝑔)C(s)+O2​(g)→CO2​(g)

                              বিযোজন বিক্ৰিয়া - 𝑍𝑛𝐶𝑂3→ Zn+CO2

12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা

উত্তৰঃ          তাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

                        𝐶𝑎𝐶𝑂3(𝑠)→ CaO(s) + CO2​(g)

                    পোহৰ শক্তিয়ে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

                    2𝐴𝑔𝐵𝑟(𝑠)→ 2Ag(s) + Br2​(g)

                    বিদ্যুত শক্তিৰে সংঘটিত  হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

                    2𝐻2𝑂(𝑙)→ 2H2​(g) + O2​(g)

13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃঅপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। কিন্তু দ্বি-অপসৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশ গ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে।

          অপসৰণ বিক্ৰিয়া :

            𝐹𝑒(𝑠)+𝐶𝑢𝑆𝑂4(𝑎𝑞)→ Cu(s)+FeSO4​

          দ্বি-অপসৰণ বিক্ৰিয়া :

            𝐴𝑔𝑁𝑂3(𝑎𝑞)+𝑁𝑎𝐶𝑙(𝑎𝑞)→ AgCl(s)+NaNO3​(aq)

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্রিয়াটো লিখা ।

উত্তৰঃ

2𝐴𝑔𝑁𝑂3(𝑎𝑞) + 𝐶𝑢(𝑠)→ Cu(NO3​)2 ​+ 2Ag(s)

15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা ।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে।
          উদাহৰণ- ক‘পাৰ ছালফেটৰ জলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰ’জেন ছালফাইড গেছ যাব দিলে ক’পাৰ ছালফাইডৰ এটা ক’লা অধঃক্ষেপ আৰু হাইড্ৰ’জেন ছালফেটৰ দ্ৰৱ উৎপন্ন হয়।
𝐶𝑢𝑆𝑂4(𝑎𝑞) + 𝐻2𝑆(𝑎𝑞)→ CuS(s) + H2​SO4​(aq)

16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।

(a) জাৰণ ।

উত্তৰঃ যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয়, তাকে জাৰণ বিক্ৰিয়া বোলে।

          উদাহৰণ- (i) 𝑆(𝑠)+𝑂2(𝑔)→ SO2​

                         (ii) 2𝑀𝑔(𝑠)+𝑂2(𝑔)→ 2MgO(s)

 

(b) বিজাৰণ ।

উত্তৰঃ যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায়, তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।

          উদাহৰণ-(i) 𝐶𝑢𝑂+𝐻2→ Cu + H2O

                         (ii) 𝑍𝑛𝑂+𝐶→ Zn + CO

​ 17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X‘ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল । মৌল ‘X‘ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা ।

উত্তৰঃ উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ৰ নাম হ’ল ক’পাৰ (Cu)আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO).  বিক্রিয়াটো হল :  2𝐶𝑢 + 𝑂2→2CuO

18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয় ?

উত্তৰঃ বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে। এই মামৰে লোৰ বস্তুবোৰৰ ক্ষয়ীভৱন ঘটায় l সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটো অক্সিজেন আৰু জলীয় বাষ্পৰ হৈতে বিক্ৰিয়া কৰিব নোৱাৰে আৰু মামৰে ধৰাৰ পৰা ৰক্ষা পৰে ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে।

 

19.তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰঃ তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধিতা বা ৰেনচিডিটি ৰ সৃষ্টি কৰে। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে।

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।

(a) ক্ষয়ীভৱন ।

উত্তৰঃ ক্ষয়ীভৱন : ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে- জলীয় বাস্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে- লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত ক’লা দাগ পৰা আদি।

 

(b) চৰ্বিৰ দুৰ্গন্ধিতা ।

উত্তৰঃ চৰ্বিৰ দুৰ্গন্ধিতা :তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধিতা বা ৰেনচিডিটি ৰ সৃষ্টি কৰে। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে।

Comments

Popular posts from this blog

Class 10 Science Chapter 6 Question Answers Assamese Medium