Class 10 Science Chapter 6 Question Answers Assamese Medium

 In this blog post, we will explore the "Class 10 Science Chapter 6 Question Answers in Assamese Medium," providing comprehensive and accurate solutions tailored for students. This chapter holds significant importance in the Class 10 Science curriculum, and our aim is to present the content in a way that is accessible and easy to understand for Assamese medium students. Whether you're preparing for exams or simply looking to deepen your understanding, this post offers valuable insights and answers to key questions from Class 10 Science Chapter 6. Topics : Class 10 Science Chapter 6 Assamese Medium, Class 10 science Assamese medium question answers

Page No 95 প্ৰশ্নাৱলী Question Answer

1) মানুহৰ দৰে বহুকোষী জীৱৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ কিয় ব্যাপন প্রক্রিয়া পর্যাপ্ত নহয়?
উত্তৰ : বহুকোষী জীৱৰ ক্ষেত্ৰত, শৰীৰৰ সকলোবোৰ কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত নাথাকিবও পাৰে। সেয়েহে, সাধাৰণ ব্যাপন প্রক্রিয়া এনে জীৱৰ প্রতিটো কোষৰ অক্সিজেনৰ প্রয়োজন পূৰাবলৈ পর্যাপ্ত নহয়।

2) আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?
উত্তৰঃ জীৱ এটা জীৱিত নে মৃত তাক ঠাৱৰ কৰাৰ ভিত্তি সমূহ হল-
(a) ইয়াৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়া আছে নে নাই ।
(b) ইয়াৰ বৃদ্ধি আৰু বিকাশ আছে নে নাই ।
(c) ইয়াৰ অণুসমূহৰ চলন আছে নে নাই ।
(d) ই ৰেচন ক্ৰিয়া সম্পন্ন কৰি আছে নে নাই ।
(e) প্রজনন।

3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় ।
উত্তৰ:- জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰীবিলাকৰ লগতে সেইবিলাক ব্যৱহাৰৰ উদ্দেশ্যসমূহ  উল্লেখ কৰা হ’ল:-
(i) খাদ্য বা আহাৰ: দেহক বিভিন্ন কাম সমাধা কৰিবলৈ শক্তি প্ৰদান কৰে ।
(ii) অক্সিজেন: খাদ্যৰ উৎসৰ বিভাজন আৰু বিক্ষিপ্তকৰণৰ বাবে শক্তি উৎদেহৰ বিভিন্ন কৰে 
(iii) পানী, দেহৰ বিভিন্ন প্ৰক্ৰিয়াসমাহ চলাই নিবলৈ শক্তি প্ৰদান কৰে ।

4) জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰ : জীৱৰ জীৱন চলাই নিবৰ বাবে প্ৰয়োজনীয় জীৱন প্রক্রিয়াসমূহ হ’ল – পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন।

Page No. 101 প্ৰশ্নাৱলী Question Answer

1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টি ৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰঃ স্বপোষিত  আৰু পৰপোষিত পুষ্টি পার্থক্যসমূহ হ’ল –

স্বপোষিত পুষ্টি

পৰপোষিত পুষ্টি

স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্রী আহৰণ কৰি নিজৰ খাদ্য নিজে প্রস্তুত কৰি লয়।

, পৰপোষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

স্বপোষিত পুষ্টিৰ প্ৰকাৰ মাথোঁ এটা।

খাদ্যৰ প্ৰকাৰ আৰু তাক আহৰণ কৰাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত পৰপোষিত পুষ্টি বেলেগ বেলেগ ধৰণৰ হ’ব পাৰে।

উদাহৰণ - উদ্ভিদ আৰু কিছুমান শেলাই।

উদাহৰণ - মানুহ, সকলো প্ৰানী আৰু ভেকুৰ


2) সালোক সংশ্লেষণৰ বাবে প্রয়োজন হোৱা প্ৰতিটো কেঁচা সামগ্রী উদ্ভিদে ক’ৰ ক’ৰ পৰা আহৰণ কৰে?
উত্তৰঃ সালোক সংশ্লেষণৰ বাবে প্রয়োজন হোৱা প্ৰতিটো কেঁচা সামগ্রী উদ্ভিদে তলত উল্লেখ কৰা উৎসসমূহৰ পৰা আহৰণ কৰে।
(ক) পানী: উদ্ভিদে মাটিৰ পৰা মূলেৰে শোষণ কৰে।
(খ) কাৰ্বন-ডাই-অক্সাইড: বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে CO2 গ্ৰহণ কৰে।
(গ) ক্ল’ৰফিল: উদ্ভিদৰ সেউজীয়া পাতত থাকে।
(ঘ) সূৰ্যশক্তি: সূৰ্যৰ পৰা।

3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰঃ আমাৰ পাকস্থলীত পাকগ্ৰন্থীৰ পৰা নিসৰন হোৱা হাইড্ৰক্লৰিক এছিডে খাদ্যৰ লগত প্ৰৱেশ কৰা বিজাণু ধ্বংস কৰে । ইয়াৰ উপৰি খাদ্যখিনি আম্লিক কৰি তুলে যাতে পেপচিনে সহজে প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰি সৰল কৰিব পাৰে ।

Click Here To Download In PDF Format and Print


4. পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰঃ আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ ।পাচক উৎসেচক ৰসৰ সহায়ত জটিল আৰু শোষণ অযোগ্য খাদ্যৰ উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয়।  মূখ গহ্বৰত লালটি এমাইলেজে কাৰ্বহাইড্ৰেটক গ্লুকজলৈ পৰিনত কৰে । ক্ষুদ্ৰান্তত থকা ট্ৰিপচিনে প্ৰটিনক আৰু লাইপেজে চৰ্বিক সৰল কৰে ।

5) শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰ : ক্ষুদ্ৰান্তৰ আন্তঃআৱৰণীখনত অসংখ্য আঙুলি-সদৃশ প্রবর্ধৰ সৃষ্টি হয়, যাক ভিলাই বুলি কোৱা হয়। এই ভিলাইবোৰে শোষণৰ বাবে পৃষ্ঠকালিৰ বৃদ্ধি ঘটায়। ভিলাইবোৰে ৰক্তনলীৰ সৈতে সংযুক্ত হৈ থাকে। এই ৰক্তনলীবোৰে শোষিত খাদ্যক প্ৰতিটো কোষলৈ কঢ়িয়াই নিয়ে।

Page No 105 প্ৰশ্নাৱলী  Question Answer

1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?
উত্তৰঃ জলজ জীৱবোৰে চাৰিওফালৰ পানীত দ্ৰৱীভূত অক্সিজেন ব্যৱহাৰ কৰে। যিহেতু পানীত দ্ৰৱীভূত হোৱা বায়ুত অক্সিজেনৰ ঘনত্ব যথেষ্ট কম, জলজ জীৱবোৰৰ উশাহ-নিশাহৰ হাৰ যথেষ্ট দ্ৰুত হয়। স্থলজ জীৱবোৰে শ্বাসতন্ত্ৰৰ অঙ্গৰ জৰিয়তে অক্সিজেন সমৃদ্ধ বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে। সেয়েহে, জলজ জীৱতকৈ তেওঁলোকৰ উশাহ-নিশাহৰ হাৰ যথেষ্ট কম ।

2) কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?

উত্তৰঃ যিকোনো জীৱদেহত প্ৰথমে কোষপ্ৰৰসত ছয়টা কাৰ্বনযুক্ত গ্লুক’জ অনুৰ ভাঙি তিনিটা কাৰ্বনযুক্ত পাইৰুভেত অনুৰ সৃষ্টি হয়|এই পাইৰুভেত অনুৰ পৰা ভিন ভিন জীৱদেহত তলত দিয়া ধৰণে ভাঙি শক্তি নিৰ্গত হয়।   
        (a) অবাত শ্বসন: নিম্ন শ্ৰেণীৰ জীৱদেহত অক্সিজেন নোহোৱাকৈ পাইৰুভেত অনুৰ ভাঙি এলকহল, কাৰ্বন-ডাই-অক্সাইড আৰু শক্তি নিৰ্গত কৰে । 

(b) সবাত শ্বসন: কোষৰ মাইট্ৰ’কন্ডিয়াত অক্সিজেনৰ উপস্থিতিত পাইৰুভেত অনুৰ ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি নিৰ্গত হয়। 

(c) পেশীয় শ্বসন: অক্সিজেনৰ যোগান কম হলে পেশী কোষত পাইৰুভেত অনুৰ ভাঙি লেকটিক এচিড আৰু শক্তি নিৰ্গত হয় ।
 

3) মানুহৰ শৰীৰত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেদৰে পৰিবাহিত হয়?
উত্তৰঃ মানুহৰ দেহত তেজৰ দ্বাৰা অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড পৰিৱহন হয় । তেজৰ লোহিত ৰক্তকণিকাত হিমগ্লবিন নামৰ এক ৰঞ্জক থাকে । এই হিমগ্লবিনে অক্সিজেনৰ লগ লাগি অক্সি-হিমগ্লবিন যৌগ গঠন কৰি প্ৰতিটো কোষলৈ লৈ যায় । হিমগ্লবিনৰ প্ৰতি অক্সিজেনতকৈ কাৰ্বন-ডাই অক্সাইডৰ আসক্তি কম হোৱা বাবে ই তেজত দ্ৰৱীভূত অৱস্থাত পৰিৱাহিত হয় আৰু হাওঁ-ফাওঁলৈ যায় । এনেদৰে জীৱদেহত অক্সিজেন আৰু আৰু কাৰ্বন-ডাই অক্সাইড পৰিৱহন হয় ।

4) প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
উত্তৰঃ হাওঁফাওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বায়ুকূপ গঠন কৰে । উশাহ লোৱাৰ সময়ত আমাৰ বক্ষগহ্বৰৰ আয়তন বাঢ়ে । ইয়াৰ ফলত হাওঁফাওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে । দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা আৰু কাৰ্বন-ডাই-অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে । উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত হাওঁফাওত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে । সেয়ে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহন আৰু কাৰ্বন-ডাই-অক্সাইড এৰি দিব পাৰে । প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও এইদৰে গঠিত ।

Click Here to download Notes in PDF Format and print easily

Page No 110 প্ৰশ্নাৱলী Question Answer


1) মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ মানুহৰ পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ আৰু সিহঁতৰ প্রত্যেকৰে কার্য তলত উল্লেখ কৰা হ’ল-
ৰক্ত: ইয়াৰ মুখ্য কার্য হ’ল বিভিন্ন প্রয়োজনীয় দ্রব্য, যেনে পাচিত খাদ্য, অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্রজেনজাতীয় ৰেচন পদার্থ, লৱণ আদিৰ পৰিবহণ কৰা। তেজত থকা লোহিত ৰক্ত কণিকাই অক্সিজেন পৰিবহণ কৰে ।
ৰক্ত নলীকাসমূহ- ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়াই নিয়ে। আনহাতে সিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্রহ কৰি তাক হৃদপিণ্ডলৈ ঘূৰাই আনে।
হৃদযন্ত্ৰ : ইয়াৰ মুখ্য কাম হ’ল শৰীৰৰ প্রতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা।
লসিকা – লসিকাই পাচিত আৰু শোষিত চৰ্বিসমূহ অন্ত্ৰৰ পৰা স্থানাতৰ কৰে আৰু অতিৰিক্ত তৰল পদাৰ্থভাগ বহি:কোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে ।

2) পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক।এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এই উদ্দেশ্যত, স্তন্যপায়ী আৰু চৰাইৰ শৰীৰত অক্সিজেনযুক্ত (বিশুদ্ধ) আৰু অক্সিজেনৰহিত (অশুদ্ধ) তেজক পৃথক কৰি ৰখাটো নিতান্তই প্রয়োজনীয়।

3) উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ?
উত্তৰঃ উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ হ’ল – জাইলেম আৰু ফ্ল’ৱেম ।

4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
উত্তৰঃ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়। জাইলেম কলাৰ নলীকাবিলাকে উদ্ভিদৰ শিপা,কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ’ব পৰাকৈ এটা সংবহন সূতিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে।ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ফলত শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।

5) উদ্ভিদৰ দেহত খাদ্যৰ  সংক্ৰমণ কেনেকৈ হয়?
উত্তৰঃ ফ্লোৱেম কলাৰ দ্বাৰা উদ্ভিদৰ দেহত খাদ্য সংবহন হয় । এই সংবহন প্ৰক্ৰিয়া উৰ্ধমুখী আৰু নিম্নমূখী দুয়ো দিশত চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগীকোষৰ সহায়ত সংঘটিত হয় । এই প্ৰক্ৰিয়া শক্তি ব্যৱহাৰ কৰি সম্পন্ন হয়। উদ্ভিদৰ পাতৰ কোষত সঞ্চিত খাদ্যদ্ৰব্য দ্ৰৱীভূত অৱস্থাত খাদ্যদ্ৰৱ্য ফ্ল’ৱেম কলাত প্ৰৱেশ কৰে আৰু ফ্ল’ৱেম কলাৰ মাজেৰে উদ্ভিদৰ দেহত ঊৰ্ধ্বমূখী, অধ:মূখী আৰু পাৰ্শ্বীয় এই তিনিও দিশৰে উদ্ভিদৰ সকলো অংগলৈ খাদ্যৰ সংবহন হয়।

Page No 112 (প্ৰশ্নাৱলী)  Question Answer

1) নেফ্রনৰ গঠন আৰু কার্য বর্ণনা কৰা।
উত্তৰঃ নেফ্ৰনৰ গঠন :বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ লগ-লাগি কাপসদৃশ নলীকা গঠন হয়।  প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে । এইবোৰক নেফ্ৰন বোলে। নেফ্ৰন হ’ল বৃক্কৰ এক প্ৰাথমিক কাৰ্যকৰী একক ।

নেফ্ৰনৰ কাৰ্য: নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্ল’কজ, এমিন এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। তেজত দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানী ভাগ অধিশোষণ হয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ সোমাই আহে। 

2. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ?
উত্তৰঃউদ্ভিদে বৰ্জিত পদাৰ্থ ত্যাগ কৰা উপায় সমূহ হল –
(a)উদ্ভিদ দেহৰ অতিৰিক্ত পানীভাগ পত্ৰৰন্ধৰ জড়িয়তে বাষ্পমোচন পক্ৰিয়াৰে বাহিৰলৈ এৰি দিয়ে ।
(b)দিনৰ ভাগত অক্সিজেন আৰু ৰাতিৰ ভাগত কাৰ্বন’ডাই’অক্সাইড বায়ুলৈ এৰি দিয়ে ।
(c) পুৰঠ জাইলেম কলাত ৰেজিন আৰু হিচাপে বৰ্জিত পদাৰ্থ জমা কৰি থয় ।
(d)সৰি পৰা পাততো বৰ্জিত পদাৰ্থ ত্যাগ কৰে ।

3) কেনেকৈ মূত্ৰ উৎপাদন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰঃ মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত বৃক্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মূত্ৰ উৎপাদনৰ পৰিমাণ নিৰ্ভৰ কৰে বিশেষকৈ নেফ্ৰনৰ দ্বাৰা অধিশোষণ কৰা পানীৰ পৰিমাণৰ ওপৰত। যদি দেহত অতিৰিক্ত পানী বেছি থাকে তেতিয়া অধিশোষণ কম হয় আৰু মূত্ৰ বেছি উৎপাদন হয়। আকৌ দেহত পানীৰ পৰিমাণ কম হ’লে নেফ্ৰনে বেছি পৰিমাণে পানী অধিশোষণ কৰে ফলত মূত্ৰ  উৎপাদন কম হয়। ইয়াৰ উপৰি বৰ্জিত পদাৰ্থ-ইউৰিয়া, ইউৰিক এচিড, লৱণ আদিৰ পৰিমাণ বেছি হ’লে মূত্ৰ  উৎপাদন বেছি হয় আৰু কম হলে মূত্ৰ উৎপাদন কম হয়।

অনুশীলনী প্রশ্নোত্তৰ


1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ- ক) পৰিপুষ্টি খ) শ্বসন গ) ৰেচন ঘ) পৰিবহন
উত্তৰ: গ) ৰেচন

2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল- ক) পানীৰ পৰিবহন খ) খাদ্যৰ পৰিবহন গ) এমিন’ এচিডৰ পৰিবহন ঘ) অক্সিজেনৰ পৰিবহন
উত্তৰ: ক) পানীৰ পৰিবহন

3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়- ক) কাৰ্বন-ডাই-অক্সাইড আৰু পানী খ) পত্ৰহৰিত গ) সূৰ্যৰ পোহৰ ঘ) ওপৰৰ আটাইকেইটা
উত্তৰ: ঘ) ওপৰৰ আটাইকেইটা

4. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়- ক) চাইট’প্লাজমত খ) মাইট’ন্ডিয়াত গ) ক্ল’ৰপ্লাষ্টত ঘ) কোষকেন্দ্ৰত
উত্তৰ : খ) মাইট’ন্ডিয়াত

5. আমাৰ দেহত কেনকৈ চৰ্বীসমূহ পাচন হয়? এই প্ৰক্ৰিয়াটো ক’ত সংঘটিত হয় ?
উত্তৰ: চৰ্বীসমূহ ক্ষুদ্ৰান্ত্ৰত বৃহৎ আকাৰত থাকে৷ এইবোৰৰ ওপৰত ক্ৰিয়া কৰাটো উৎসেচকৰ বাবে কঠিন হয়৷ পিত্ত লৱণৰ উপস্তিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পাছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্ৰিয়া কৰে৷ অৱশেষত ক্ষুদ্ৰান্ত্ৰ ৰসত থকা উৎসেচকে চৰ্বীসমূহ ফেটি এছিড আৰু গ্লিচাৰিলৈ ৰূপান্তৰ কৰে৷ যি ৰূপত ক্ষুদ্ৰান্ত্ৰৰ বেৰে এইবোৰক শোষণ কৰি লয় ৷ চৰ্বীসমূহৰ পাচন প্ৰক্ৰিয়াটো পক্ষুদ্ৰান্ত্ৰত সংঘটিত হয়৷

6. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ: লালটিয়ে পাচন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুখৰ লালটিয়ে খাদ্যৰ লগত মিহলি হৈ খাদ্যখিনি পিচল কৰি তোলে। ইয়াৰ ফলত খাদ্যখিনি খাদ্যনলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহজ হয়। লালটিত থকা পাচক উৎসেচক এমাইলেজে মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে।

7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?
উত্তৰঃ স্বপোষীত পুষ্টিৰ কাৰণে সূৰ্যৰ পোহৰ, পত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক কণিকা, কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ প্ৰয়োজন । ইয়াৰ উপজাত পদাৰ্থবোৰ হল অক্সিজেন আৰু পানী ।

8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উত্তৰ: 

সবাত শ্বসন

অবাত শ্বসন

(i) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়

(i) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।

(ii) কোষৰ মাইট’কন্ডিয়াত সংঘটিত হয়।

(ii) কোষৰ কোষপ্ৰৰসত সংঘটিত হয় ।

(iii) এই শ্বসনত কাৰ্বন’ডাই’অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়।

(iii) এই শ্বসনত ইথানল, কাৰ্বন’ডাই’অক্সাইড আৰু শক্তি উৎপন্ন হয়।

(iv) এই শ্বসনত বেছি পাৰিমাণে শক্তি উৎপন্ন হয়।

(iv) এই শ্বসনত কম পাৰিমাণে শক্তি উৎপন্ন হয়।


9. প্ৰচুৰ পৰিমাণে গেছ বিনিময়ৰ কৰিব পাৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰঃ বায়ুকোষ হল হাঁওফাঁওত থকা বেলুনসদৃশ কিছুমান সৰু সৰু অংগ । বায়ুকোষীয় বায়ু আৰু তেজৰ মাজত গেছসমূহৰ প্ৰচুৰ বিনিময়ৰ সুবিধা কৰিবলৈ বায়ুকোষৰ বেৰসমূহ ৰক্তকেশিকাৰ এক বিস্তৃত জালিকা আছে । প্ৰতিটো হাঁওফাঁওতে নিযুত নিযুত বায়ুকোষ থাকে । তদুপৰি যেতিয়া শ্বাস লোৱাৰ সময়ত হাঁওফাঁওত বায়ু প্ৰৱেশ কৰে, গেছসমূহৰ বিনিময়ৰ বাবে অধিক পৃষ্ঠভাগ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে ।

10. আমাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ কমি গ’লে কি হ’ব ?
উত্তৰঃ আমাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ কমি গ’লে নিম্নলিখিত অসুবিধাসমূহ দেখা দিব-
(a)কোষসমূহলৈ অক্সিজেনৰ যোগান কমি যাব ।
(b)আমাৰ দেহত প্ৰয়োজনীয় শক্তিৰ অভাৱ হব।
(c)দূৰ্বলতা, ভাগৰ আদি লক্ষণে দেখা দিব।
(d)দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হব।

11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰ: মানুহৰ দেহত তেজ এবাৰ প্ৰবাহিত হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পাৰহ’বলগীয়া হয়। সেয়ে ইয়াক দ্বৈত সংবহনতন্ত্ৰ বুলি কোৱা হয়।মানুহৰ হৃদযন্ত্ৰটো দুটা পক্ষ – এটা সোঁপক্ষ আৰু আনটো বাওঁপক্ষ। হৃদযন্ত্ৰৰ সোঁপক্ষ অক্সিজেন বিহীন তেজ গ্ৰহণ কৰি বিশুদ্ধ হোৱাৰ বাবে হাওঁফাওঁ লৈ পঠিয়াই দিয়ে। আকৌ, হৃদযন্ত্ৰৰ বাওঁপক্ষ অক্সিজেন যুক্ত তেজ গ্ৰহণ কৰে আৰু ৰক্ত কেশিকাৰ মাধ্যমে শৰীৰৰ বিভিন্ন অংগলৈ প্ৰৰণ কৰে। ইয়াক দ্বি-সঞ্চালন বোলে।
দ্বৈত পৰিবহনৰ প্ৰয়োজন হ’ল-
(i) অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে।
(ii) দেহৰ কোষসমূহলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা, যিয়ে মানুহৰ দেহত অক্সিজেনৰ নৈপুন্য বৃদ্ধি কৰে ৷

12. জাইলেম আৰু ফ্লোৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰ:        
                                                                          

জাইলেম

ফ্লোৱেম

(i) মাটিৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়।

(i) অক্সিজেনৰ অনুপস্থিতত দ্ৰৱীভূত খাদ্য দ্ৰব্য , এমিন’ এছিড আদি পৰিবহন কৰে৷

(ii) নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয়।    

(ii) সক্ৰিয় পৰিবহণ হয়।

(iii) খনিজ পদাৰ্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমে ঘটে।

(iii) চালনী নলীকা আৰু সংগী কোষৰ মাধ্যমে জৈৱ আহাৰ পৰিবাহিত হয়।


13. হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ।

উত্তৰঃ হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ মাজৰ পাৰ্থক্যসমূহ হ’ল :

(a)   গঠনৰ ভিত্তিত


বায়ুকোষ

নেফ্ৰন

(ক) বায়ুকোষসমূহ আকৃতিত বায়ুমোনাৰ দৰে

(ক) নেফ্ৰনসমূহ চুঙা আকৃতিৰ হয়।

(খ) এইবোৰ হাঁওফাঁওত থাকে।

(খ) এইবোৰ বৃক্কত থাকে।

(গ) বায়ুকোষৰ বেৰসমূহ ডাঠ হয় ।

(গ) নেফ্ৰনৰ বেৰসমূহ পাতল হয় ।

(ঘ) এইবোৰৰ বেৰত ৰক্ত জালিকা বিস্তৃত হৈ থাকে ।

(ঘ) নেফ্ৰনসমূহৰ কাপ সদৃশ শেষাংশৰ লগত ৰক্ত জালিকাৰ এক সংযোগ স্থাপন কৰে ।


(b) কাৰ্যৰ ভিত্তিত


বায়ুকোষ

নেফ্ৰন

(ক) এইবোৰে তেজ আৰু উশাহত গ্ৰহণ কৰা বায়ুৰ মাজত কাৰ্বন ডাই-অক্সাইড আৰু অক্সিজেনৰ বিনিময় সহজসাধ্য কৰি গেছসমূহৰ ব্যাপনৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰে

(ক) এইবোৰে পৰিশোধিত মুত্ৰ সংগ্ৰহ কৰে, লাগতিয়াল পদাৰ্থসমূহৰ পুনৰ শোষণৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰে আৰু মুত্ৰথলীলৈ মুত্ৰ কঢ়িয়াই নিয়ে ।

(খ)ব্যা পনৰ মাধ্যমেৰে গেছসমূহৰ বিনিময় সংঘটিত হয় ।

(খ)চাপৰ পাৰ্থক্যৰ বাবে পদাৰ্থসমূহৰ বিনিময় সংঘটিত হয় ।


অতিৰিক্ত প্ৰশ্নোত্তৰ

1. জীৱন প্রক্রিয়া কি?
উত্তৰঃ যিবোৰ প্রক্রিয়াই একেলগে সংঘটিত হৈ জীৱ এটাৰ জীৱনটোক চলাই নিয়ে, সেই প্রক্রিয়াসমূহক জীৱন প্ৰক্ৰিয়া বোলে। 

2. পৰিপুষ্টি কাক বোলে?
উত্তৰঃ যি প্ৰক্ৰিয়াৰ সহায়ত জীৱ এটাৰ শৰীৰৰ বাহিৰৰ পৰা শক্তিৰ উৎস এটা শৰীৰৰ ভিতৰলৈ স্থানান্তৰিত কৰা হয়; তাক পৰিপুষ্টি বোলে। 

3. শ্বসন কি?
উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰা হয় আৰু তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত ব্যৱহাৰ কৰা হয় তাক শ্বসন বোলে। 

4. জীৱৰ পৰিবহণ বুলিলে কি বুজা? 
উত্তৰঃ জীৱৰ শৰীৰৰ ভিতৰত বিভিন্ন দ্ৰব্য এঠাইৰ পৰা সিঠাইলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোক পৰিবহণ বোলে।

5. ৰেচন কাক বোলে?
উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল আৰু হানিকাৰক উপজাত পদার্থসমূহ শৰীৰৰ পৰা আঁতৰ কৰা হয়, তাকে ৰেচন বোলে।

6. চিত্ৰৰ সহায়েৰে মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন বর্ণনা কৰা।
Ans. মানুহৰ হৃদপিণ্ডটো প্রধান দুটা খণ্ডত বিভক্ত। ওপৰৰ বহল ভূমি অংশক অলিন্দ আৰু তলৰ মুক্ত অংশ বা খণ্ডক নিলয় বোলে। হৃদপিণ্ডৰ ডাঠ। অনুদৈৰ্ঘভাবে হৃদযন্ত্ৰটো এখন ডাঠ বেৰেৰে সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত। প্রত্যেক ভাগৰ ওপৰৰ অংশত একোটা অলিন্দ আৰু পিছফালৰ ভাগত এটা নিলয়ৰ কোঠালী থাকে। অর্থাৎ মানুহৰ হৃদযন্ত্ৰটো দুটা অলিন্দ আৰু দুটা নিলয় মুঠ চাৰিটা কোঠালিত বিভক্ত।

7. মানুহৰ ৰেচন তন্ত্ৰৰ চমুকৈ বৰ্ণনা লিখা।
Ans. মানুহৰ দেহৰ অভ্যন্তৰত সৃষ্টি হোৱা বৰ্জিত পদার্থসমূহৰ সৰহভাগেই বৃক্কৰ সহায়ত দেহৰপৰা মূত্ৰৰূপে অপসাৰিত হয়। মানুহৰ দেহ গহ্বৰৰ পৃষ্ঠীয় ভাগত দুটা বৃত্ত থাকে। দেহৰ অভ্যন্তৰত শতকৰা 70-75 ভাগ তেজ বৃহত পৰিশোধিত হয়।
এটা বৃক্কৰ অনুদীৰ্ঘ্যচ্ছেদ কৰিলে দুটা অংশ দেখিবলৈ পোৱা যায়। বাহিৰৰ অংশটোক বহিঃস্তৰ বা কর্টেক্স আৰু ভিতৰৰ ফালে থকা পাতল কেন্দ্রীয় অংশটোক অন্তঃস্তৰ বা মেডুলা বোলে। কর্টেক্স আৰু মেডুলা অংশত অসংখ্য চুলিৰ দৰে বৃত্তনলিকা বা নেফ্রন থাকে। নেফ্ৰনৰ মালপিঘিয়ন অংশত দুতৰপীয়া কাপ বা বাটিৰ নিচিনা আকৃতি বিশিষ্ট মধ্যবর্তী অংশত এটা ৰক্ত জালিকাৰ পিণ্ড থাকে যাক গ্লামেরুলাছ বুলি কৰা হয়। বৃদ্ধ নলিকাৰ এই অংশ কর্টেক্স অঞ্চলত থাকে। বাকীবোৰ অংশ নানাভাবে অসংখ্য পাক খাই কর্টেক্স আৰু মেডুলাত সোনায় আৰু অৱশেষত সংগ্রাহী নলিকাত যুক্ত হয়। বৃহত ধমনী বাহিত তেজত থকা পানী, ইউৰিয়া আৰু অন্যান্য লবণ মূত্র নলিকাত ওলাই আছে। পরিবারিত পদার্থসমূহ প্রবাহিত হৈ সংগ্রাহক নলীৰ জৰিয়তে পেলভিছত মুক্ত হয়। 

Comment down your doubts and questions below.

Comments

Post a Comment

Popular posts from this blog

class 10 science Assamese medium chapter 1 question answers